ছূৰা 10 · জুজ 11
Yunus · 10:104
قُلْ يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي شَكٍّ مِنْ دِينِي فَلَا أَعْبُدُ الَّذِينَ تَعْبُدُونَ مِنْ دُونِ اللَّهِ وَلَٰكِنْ أَعْبُدُ اللَّهَ الَّذِي يَتَوَفَّاكُمْ ۖ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُؤْمِنِينَ
কোৱা, ‘হে মানৱ! তোমালোকে যদি মোৰ দ্বীন সম্পৰ্কে সন্দেহ পোষণ কৰা তেন্তে জানি থোৱা! তোমালোকে আল্লাহৰ বাহিৰে যিসকলৰ ইবাদত কৰা মই সিহঁতৰ ইবাদত নকৰো। বৰং মই ইবাদত কৰো আল্লাহৰ যিজনে তোমালোকক মৃত্যু প্ৰদান কৰে আৰু মই আদিষ্ট হৈছো যে মই যাতে মুমিনসকলৰ অন্তৰ্ভুক্ত হওঁ’।
তাফছীৰ
হে ৰাছুল! আপুনি কওঁক, হে মানৱজাতি! যদি তোমালোক মই আহ্বান কৰা দ্বীন সম্পৰ্কে সন্দেহত আছা, যিটো তাওহীতৰ ওপৰত প্ৰতিষ্ঠিত দ্বীন। তেন্তে জানি থোৱা! মই নিশ্চিত তোমালোকৰ ধৰ্ম যে ভ্ৰষ্ট, সেই কাৰণেই মই সেইটোৰ অনুসৰণ নকৰো। এতেকে মই সেইবোৰ উপাস্যৰ উপাসনা নকৰো, যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাসনা কৰা। কিন্তু মই সেই আল্লাহৰ ইবাদত কৰো, যিয়ে তোমালোকক মৃত্যু দান কৰিব। মোক আদেশ দিয়া হৈছে মই যেন নিষ্ঠাৱান মুমিনসকলৰ অন্তৰ্ভুক্ত হৈ যাওঁ।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক