ছূৰা 1 · জুজ 1
Al-Fatihah · 1:7
صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ
তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ অহা নাই আৰু যিসকল পথভ্ৰষ্টও নহয়
তাফছীৰ
আমাক তোমাৰ সেই বান্দাসকলৰ পথ দেখুৱা, যিসকলক তুমি হিদায়তেৰে পুৰস্কৃত কৰিছিলা। যেনে- নবীসকল, সত্যনিষ্ঠসকল, শ্বহীদ আৰু সত্কৰ্মপৰায়ণসকল। এওঁলোক কিমান উত্তম সঙ্গী!!
সেইসকলৰ পথ নহয় যিসকলে সত্য জনাৰ পিছতো তাৰ অনুসৰণ কৰা নাই। যেনে- ইয়াহুদীসকল। লগতে সেই সকলৰ পথো নেদেখুৱাবা, যিসকলে সত্যৰ অনুসন্ধান আৰু সেয়া পোৱাৰ প্ৰয়াসত অৱহেলা কৰাৰ কাৰণে সত্যত উপনীত হবলৈ অসফল হৈছে। যেনে- খৃষ্টানসকল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক