At-Tahrim

سورة التحريم

ছূৰা 66 · মাদানী · 12 আয়াত

66:1জুজ 28 · পৃ. 560

يَا أَيُّهَا النَّبِيُّ لِمَ تُحَرِّمُ مَا أَحَلَّ اللَّهُ لَكَ ۖ تَبْتَغِي مَرْضَاتَ أَزْوَاجِكَ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ1

হে নবী! আল্লাহে তোমাৰ বাবে যি বৈধ কৰিছে সেয়া তুমি নিজৰ বাবে নিষিদ্ধ কৰিছা কিয়? তুমি তোমাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচৰা নেকি; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
66:2জুজ 28 · পৃ. 560

قَدْ فَرَضَ اللَّهُ لَكُمْ تَحِلَّةَ أَيْمَانِكُمْ ۚ وَاللَّهُ مَوْلَاكُمْ ۖ وَهُوَ الْعَلِيمُ الْحَكِيمُ2

নিশ্চয় আল্লাহে তোমালোকৰ বাবে শপতৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰিছে; আৰু আল্লাহ তোমালোকৰ অভিভাৱক আৰু তেৱেঁই সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
66:3জুজ 28 · পৃ. 560

وَإِذْ أَسَرَّ النَّبِيُّ إِلَىٰ بَعْضِ أَزْوَاجِهِ حَدِيثًا فَلَمَّا نَبَّأَتْ بِهِ وَأَظْهَرَهُ اللَّهُ عَلَيْهِ عَرَّفَ بَعْضَهُ وَأَعْرَضَ عَنْ بَعْضٍ ۖ فَلَمَّا نَبَّأَهَا بِهِ قَالَتْ مَنْ أَنْبَأَكَ هَٰذَا ۖ قَالَ نَبَّأَنِيَ الْعَلِيمُ الْخَبِيرُ3

আৰু স্মৰণ কৰা, যেতিয়া নবীয়ে নিজ স্ত্ৰীসকলৰ এগৰাকীক গোপন কথা এষাৰ কৈছিল; তাৰ পিছত সেইগৰাকীয়ে আন এগৰাকীক জনাই দিছিল আৰু আল্লাহে তেওঁৰ নবীৰ ওচৰত সেয়া প্ৰকাশ কৰি দিলে, তাৰ পিছত নবীয়ে এই বিষয়ে অলপ ব্যক্ত কৰিলে আৰু অলপ অৱজ্ঞা কৰি এৰি দিলে। যেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীক জনালে, তেতিয়া স্ত্ৰীগৰাকীয়ে ক’লে, ‘আপোনাক এই কথাষাৰ কোনে জনালে’? নবীয়ে ক’লে, ‘মোক তেওঁ জনাইছে, যিজন সৰ্বজ্ঞ, সম্যক অৱগত’।
66:4জুজ 28 · পৃ. 560

إِنْ تَتُوبَا إِلَى اللَّهِ فَقَدْ صَغَتْ قُلُوبُكُمَا ۖ وَإِنْ تَظَاهَرَا عَلَيْهِ فَإِنَّ اللَّهَ هُوَ مَوْلَاهُ وَجِبْرِيلُ وَصَالِحُ الْمُؤْمِنِينَ ۖ وَالْمَلَائِكَةُ بَعْدَ ذَٰلِكَ ظَهِيرٌ4

যদি তোমালোক উভয়ে আল্লাহৰ ওচৰত তাওবা কৰা (তেন্তে ই তোমালোকৰ বাবে কল্যাণকৰ), কাৰণ তোমালোকৰ হৃদয় ঢাল খাইছে। কিন্তু যদি তোমালোকে নবীৰ বিৰুদ্ধে ইজনে সিজনক পোষকতা কৰা তেন্তে জানি থোৱা, নিশ্চয় আল্লাহ তেওঁৰ সহায়কাৰী আৰু জীব্ৰীল লগতে সৎকৰ্মশীল মুমিনসকলেও, ইয়াৰ বাহিৰেও আন আন ফিৰিস্তাসকলো তেওঁৰ সহায়কাৰী।
66:5জুজ 28 · পৃ. 560

عَسَىٰ رَبُّهُ إِنْ طَلَّقَكُنَّ أَنْ يُبْدِلَهُ أَزْوَاجًا خَيْرًا مِنْكُنَّ مُسْلِمَاتٍ مُؤْمِنَاتٍ قَانِتَاتٍ تَائِبَاتٍ عَابِدَاتٍ سَائِحَاتٍ ثَيِّبَاتٍ وَأَبْكَارًا5

যদি নবীয়ে তোমালোকক তালাক দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে সম্ভৱত তোমালোকৰ স্থানত তেওঁক তোমালোকতকৈয়ো উত্তম স্ত্ৰী প্ৰদান কৰিব--- যিসকল হ'ব মুছলিমাহ, মুমিনাহ, অনুগত, তাওবাকাৰীণী, ইবাদতকাৰীণী, ছিয়াম পালনকাৰীণী, অকুমাৰী আৰু কুমাৰী।
66:6জুজ 28 · পৃ. 560

يَا أَيُّهَا الَّذِينَ آمَنُوا قُوا أَنْفُسَكُمْ وَأَهْلِيكُمْ نَارًا وَقُودُهَا النَّاسُ وَالْحِجَارَةُ عَلَيْهَا مَلَائِكَةٌ غِلَاظٌ شِدَادٌ لَا يَعْصُونَ اللَّهَ مَا أَمَرَهُمْ وَيَفْعَلُونَ مَا يُؤْمَرُونَ6

হে ঈমান্দাৰসকল! তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক জাহান্নামৰ পৰা ৰক্ষা কৰা, যাৰ ইন্ধন হ’ব মানুহ আৰু শীল, য’ত নিয়োজিত আছে নিৰ্মম, কঠোৰস্বভাৱ ফিৰিস্তাসকল, যিসকলে আল্লাহৰ আদেশ অমান্য নকৰে; আৰু সিহঁতে যি কৰিবলৈ আদেশ প্ৰাপ্ত হয় সেইটোৱেই কৰে।
66:7জুজ 28 · পৃ. 560

يَا أَيُّهَا الَّذِينَ كَفَرُوا لَا تَعْتَذِرُوا الْيَوْمَ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُونَ7

হে কাফিৰসকল! আজি তোমালোকে ওজৰ পেচ কৰিবলৈ চেষ্টা নকৰিবা। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।
66:8জুজ 28 · পৃ. 561

يَا أَيُّهَا الَّذِينَ آمَنُوا تُوبُوا إِلَى اللَّهِ تَوْبَةً نَصُوحًا عَسَىٰ رَبُّكُمْ أَنْ يُكَفِّرَ عَنْكُمْ سَيِّئَاتِكُمْ وَيُدْخِلَكُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ يَوْمَ لَا يُخْزِي اللَّهُ النَّبِيَّ وَالَّذِينَ آمَنُوا مَعَهُ ۖ نُورُهُمْ يَسْعَىٰ بَيْنَ أَيْدِيهِمْ وَبِأَيْمَانِهِمْ يَقُولُونَ رَبَّنَا أَتْمِمْ لَنَا نُورَنَا وَاغْفِرْ لَنَا ۖ إِنَّكَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ8

হে ঈমান্দাৰসকল! তোমালোকে আল্লাহৰ ওচৰত তাওবা কৰা-- বিশুদ্ধ তাওবা; আশা কৰা যায় তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত। সেইদিনা আল্লাহে নবী আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকক লাঞ্ছিত নকৰিব। তেওঁলোকৰ নূৰ তেওঁলোকৰ সন্মুখত আৰু সোঁ হাতে ধাৱিত হ’ব। তেওঁলোকে ক’ব, ‘হে আমাৰ প্ৰতিপালক! আমাৰ বাবে আমাৰ নূৰক পূৰ্ণতা দান কৰা আৰু আমাক ক্ষমা কৰি দিয়া, নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান’।
66:9জুজ 28 · পৃ. 561

يَا أَيُّهَا النَّبِيُّ جَاهِدِ الْكُفَّارَ وَالْمُنَافِقِينَ وَاغْلُظْ عَلَيْهِمْ ۚ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمَصِيرُ9

হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল জাহান্নাম আৰু সেইটো কিমান যে নিকৃষ্ট গন্তব্যস্থল!
66:10জুজ 28 · পৃ. 561

ضَرَبَ اللَّهُ مَثَلًا لِلَّذِينَ كَفَرُوا امْرَأَتَ نُوحٍ وَامْرَأَتَ لُوطٍ ۖ كَانَتَا تَحْتَ عَبْدَيْنِ مِنْ عِبَادِنَا صَالِحَيْنِ فَخَانَتَاهُمَا فَلَمْ يُغْنِيَا عَنْهُمَا مِنَ اللَّهِ شَيْئًا وَقِيلَ ادْخُلَا النَّارَ مَعَ الدَّاخِلِينَ10

যিহঁতে কুফৰী কৰে, সিহঁতৰ বাবে আল্লাহে নূহৰ স্ত্ৰী আৰু লূতৰ স্ত্ৰীৰ উদাহৰণ দিছে; সিহঁত আমাৰ বান্দাসকলৰ মাজৰ দুজন সৎ বান্দাৰ অধীনত আছিল, কিন্তু সিহঁত উভয়ে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ নূহ আৰু লূত সিহঁতৰ কোনো কামত নাহিল, আৰু সিহঁতক কোৱা হ’ল, ‘তোমালোক উভয়ে প্ৰৱেশকাৰীসকলৰ লগত জাহান্নামত প্ৰৱেশ কৰা’।
66:11জুজ 28 · পৃ. 561

وَضَرَبَ اللَّهُ مَثَلًا لِلَّذِينَ آمَنُوا امْرَأَتَ فِرْعَوْنَ إِذْ قَالَتْ رَبِّ ابْنِ لِي عِنْدَكَ بَيْتًا فِي الْجَنَّةِ وَنَجِّنِي مِنْ فِرْعَوْنَ وَعَمَلِهِ وَنَجِّنِي مِنَ الْقَوْمِ الظَّالِمِينَ11

আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰআউনৰ স্ত্ৰীৰ উদাহৰণ দাঙি ধৰিছে, যেতিয়া তেওঁ এই বুলি প্ৰাৰ্থনা কৰিছিল, ‘হে মোৰ প্ৰতিপালক! তোমাৰ ওচৰত মোৰ বাবে জান্নাতত এটা ঘৰ নিৰ্মাণ কৰা আৰু মোক ফিৰআউন আৰু তাৰ কৰ্মৰ পৰা উদ্ধাৰ কৰা আৰু মোক উদ্ধাৰ কৰা যালিম সম্প্ৰদায়ৰ পৰা’।
66:12জুজ 28 · পৃ. 561

وَمَرْيَمَ ابْنَتَ عِمْرَانَ الَّتِي أَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِيهِ مِنْ رُوحِنَا وَصَدَّقَتْ بِكَلِمَاتِ رَبِّهَا وَكُتُبِهِ وَكَانَتْ مِنَ الْقَانِتِينَ12

(আল্লাহে আৰু উদাহৰণ দিছে) ইমৰাণৰ জীয়েক মাৰয়ামৰ---- যিয়ে নিজ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিছিল, ফলত আমি তাত আমাৰ ৰূহৰ পৰা ফুঁৱাই দিছিলো আৰু তেওঁ তেওঁৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাবসমূহ সত্য বুলি গ্ৰহণ কৰিছিল আৰু তেওঁ আছিল অনুগতসকলৰ অন্যতম।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Salah Bukhatir - At-Tahrim · Tlawati