Al-Adiyat

سورة العاديات

ছূৰা 100 · মক্কী · 11 আয়াত

100:1জুজ 30 · পৃ. 599

وَالْعَادِيَاتِ ضَبْحًا1

শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাসমূহৰ,
100:2জুজ 30 · পৃ. 599

فَالْمُورِيَاتِ قَدْحًا2

যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,
100:3জুজ 30 · পৃ. 599

فَالْمُغِيرَاتِ صُبْحًا3

যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,
100:4জুজ 30 · পৃ. 599

فَأَثَرْنَ بِهِ نَقْعًا4

ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;
100:5জুজ 30 · পৃ. 599

فَوَسَطْنَ بِهِ جَمْعًا5

আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।
100:6জুজ 30 · পৃ. 600

إِنَّ الْإِنْسَانَ لِرَبِّهِ لَكَنُودٌ6

নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,
100:7জুজ 30 · পৃ. 600

وَإِنَّهُ عَلَىٰ ذَٰلِكَ لَشَهِيدٌ7

নিশ্চয় সি এই বিষয়ে সাক্ষী,
100:8জুজ 30 · পৃ. 600

وَإِنَّهُ لِحُبِّ الْخَيْرِ لَشَدِيدٌ8

আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।
100:9জুজ 30 · পৃ. 600

۞ أَفَلَا يَعْلَمُ إِذَا بُعْثِرَ مَا فِي الْقُبُورِ9

সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,
100:10জুজ 30 · পৃ. 600

وَحُصِّلَ مَا فِي الصُّدُورِ10

আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?
100:11জুজ 30 · পৃ. 600

إِنَّ رَبَّهُمْ بِهِمْ يَوْمَئِذٍ لَخَبِيرٌ11

নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Muhammad Jibreel - Al-Adiyat · Tlawati