حم1
হা-মীম।
وَالْكِتَابِ الْمُبِينِ2
শপত সুস্পষ্ট কিতাবৰ!
إِنَّا جَعَلْنَاهُ قُرْآنًا عَرَبِيًّا لَعَلَّكُمْ تَعْقِلُونَ3
নিশ্চয় আমি ইয়াক আৰবী (ভাষাত) কোৰআন (ৰূপে অৱতীৰ্ণ) কৰিছো, যাতে তোমালোকে বুজিব পাৰা।
وَإِنَّهُ فِي أُمِّ الْكِتَابِ لَدَيْنَا لَعَلِيٌّ حَكِيمٌ4
নিশ্চয় ই আমাৰ ওচৰত উম্মুল কিতাবত উচ্চ মৰ্যাদাসম্পন্ন, হিকমতপূৰ্ণ।
أَفَنَضْرِبُ عَنْكُمُ الذِّكْرَ صَفْحًا أَنْ كُنْتُمْ قَوْمًا مُسْرِفِينَ5
তোমালোকে সীমালংঘনকাৰী সম্প্ৰদায় বুলিয়েই আমি তোমালোকৰ পৰা এই উপদেশ বাণী সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিমনে?
وَكَمْ أَرْسَلْنَا مِنْ نَبِيٍّ فِي الْأَوَّلِينَ6
আৰু পূৰ্বৱৰ্তীবিলাকৰ ওচৰত আমি বহুতো নবী প্ৰেৰণ কৰিছিলো।
وَمَا يَأْتِيهِمْ مِنْ نَبِيٍّ إِلَّا كَانُوا بِهِ يَسْتَهْزِئُونَ7
আৰু যেতিয়াই সিহঁতৰ ওচৰত কোনো নবী আহিছে সিহঁতে তেওঁক লৈ ঠাট্টা-বিদ্ৰূপ কৰিছে।
فَأَهْلَكْنَا أَشَدَّ مِنْهُمْ بَطْشًا وَمَضَىٰ مَثَلُ الْأَوَّلِينَ8
ফলত যিসকল ইহঁততকৈয়ো শক্তিত প্ৰবল আছিল সিহঁতকো আমি ধ্বংস কৰিছিলো, আৰু পূৰ্বৱৰ্তীসকলৰ অনুৰূপ দৃষ্টান্ত অতীত হৈ গৈছে।
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ لَيَقُولُنَّ خَلَقَهُنَّ الْعَزِيزُ الْعَلِيمُ9
আৰু যদি তুমি সিহঁতক সোধা, আকাশসমূহ আৰু পৃথিৱী কোনে সৃষ্টি কৰিছে, তেন্তে সিহঁতে অৱশ্যে ক’ব, ‘এইবোৰ সৃষ্টি কৰিছে মহা পৰাক্ৰমশালী, সৰ্বজ্ঞ’,
الَّذِي جَعَلَ لَكُمُ الْأَرْضَ مَهْدًا وَجَعَلَ لَكُمْ فِيهَا سُبُلًا لَعَلَّكُمْ تَهْتَدُونَ10
তেৱেঁই পৃথিৱীক তোমালোকৰ বাবে শয্যা কৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ বনাই দিছে, যাতে তোমালোকে সঠিক পথ পাব পাৰা;
وَالَّذِي نَزَّلَ مِنَ السَّمَاءِ مَاءً بِقَدَرٍ فَأَنْشَرْنَا بِهِ بَلْدَةً مَيْتًا ۚ كَذَٰلِكَ تُخْرَجُونَ11
আৰু তেৱেঁই আকাশৰ পৰা পৰিমিতভাৱে পানী বৰ্ষণ কৰে। তাৰ পিছত ইয়াৰ দ্বাৰা আমি সঞ্জীৱিত কৰো নিৰ্জীৱ জনপদক। এইদৰেই তোমালোকক (পুনৰ্জীৱিত কৰি) উলিয়াই আনা হ’ব।
وَالَّذِي خَلَقَ الْأَزْوَاجَ كُلَّهَا وَجَعَلَ لَكُمْ مِنَ الْفُلْكِ وَالْأَنْعَامِ مَا تَرْكَبُونَ12
আৰু তেৱেঁই সকলোকে যোৰা যোৰা সৃষ্টি কৰিছে আৰু তেৱেঁই তোমালোকৰ বাবে এনেকুৱা নৌযান আৰু ঘৰচীয়া জন্তু সৃষ্টি কৰিছে, যিবোৰত তোমালোকে আৰোহণ কৰা;
لِتَسْتَوُوا عَلَىٰ ظُهُورِهِ ثُمَّ تَذْكُرُوا نِعْمَةَ رَبِّكُمْ إِذَا اسْتَوَيْتُمْ عَلَيْهِ وَتَقُولُوا سُبْحَانَ الَّذِي سَخَّرَ لَنَا هَٰذَا وَمَا كُنَّا لَهُ مُقْرِنِينَ13
যাতে তোমালোকে ইয়াৰ পিঠিত স্থিৰ হৈ বহিব পাৰা, তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ স্মৰণ কৰিবা যেতিয়া তোমালোকে ইয়াৰ ওপৰত স্থিৰ হৈ বহিবা, আৰু কবা, ‘পৱিত্ৰ আৰু মহান তেওঁ, যিজনে এইবোৰক আমাৰ বশীভূত কৰি দিছে। অথচ এইবোৰক বশীভূত কৰিবলৈ আমি সমৰ্থ নাছিলো।
وَإِنَّا إِلَىٰ رَبِّنَا لَمُنْقَلِبُونَ14
‘আৰু নিশ্চয় আমি আমাৰ প্ৰতিপালকৰ ওচৰতেই প্ৰত্যাৱৰ্তনকাৰী’।
وَجَعَلُوا لَهُ مِنْ عِبَادِهِ جُزْءًا ۚ إِنَّ الْإِنْسَانَ لَكَفُورٌ مُبِينٌ15
আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰা তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।
أَمِ اتَّخَذَ مِمَّا يَخْلُقُ بَنَاتٍ وَأَصْفَاكُمْ بِالْبَنِينَ16
তেওঁ যি সৃষ্টি কৰিছে তাৰ পৰা তেওঁ (নিজৰ বাবে) কন্যা সন্তান গ্ৰহণ কৰিছে আৰু তোমালোকক পুত্ৰ সন্তানৰ দ্বাৰা বিশিষ্ট কৰিছে নেকি?
وَإِذَا بُشِّرَ أَحَدُهُمْ بِمَا ضَرَبَ لِلرَّحْمَٰنِ مَثَلًا ظَلَّ وَجْهُهُ مُسْوَدًّا وَهُوَ كَظِيمٌ17
অথচ যেতিয়া সিহঁতৰ কাৰোবাক সুসংবাদ দিয়া হয় (কন্যা সন্তান জন্ম হোৱা বুলি), যিটোৰ দ্বাৰা সিহঁতে ৰহমানৰ প্ৰতি দৃষ্টান্ত দাঙি ধৰে, তেতিয়া তাৰ মুখমণ্ডল মলিন হৈ যায়, তেনে অৱস্থাত সি দুশ্চিন্তাত ভাগি পৰে।
أَوَمَنْ يُنَشَّأُ فِي الْحِلْيَةِ وَهُوَ فِي الْخِصَامِ غَيْرُ مُبِينٍ18
(সেইবিলাক আল্লাহৰ ভাগত পৰিল নেকি) যিবিলাক অলংকাৰেৰে লালিত-পালিত হয় আৰু বিতৰ্কৰ সময়ত সুস্পষ্ট বক্তব্য প্ৰদানত অক্ষম?
وَجَعَلُوا الْمَلَائِكَةَ الَّذِينَ هُمْ عِبَادُ الرَّحْمَٰنِ إِنَاثًا ۚ أَشَهِدُوا خَلْقَهُمْ ۚ سَتُكْتَبُ شَهَادَتُهُمْ وَيُسْأَلُونَ19
আৰু সিহঁতে ৰহমানৰ বান্দা ফিৰিস্তাসকলক নাৰী বুলি গণ্য কৰিছে; তেওঁলোকৰ সৃষ্টি সিহঁতে প্ৰত্যক্ষ কৰিছিল নেকি? সিহঁতৰ সাক্ষ্য অৱশ্যে লিপিবদ্ধ কৰা হ’ব আৰু সিহঁতক সোধ-পোছ কৰা হ’ব।
وَقَالُوا لَوْ شَاءَ الرَّحْمَٰنُ مَا عَبَدْنَاهُمْ ۗ مَا لَهُمْ بِذَٰلِكَ مِنْ عِلْمٍ ۖ إِنْ هُمْ إِلَّا يَخْرُصُونَ20
সিহঁতে আৰু কয়, ‘ৰহমানে ইচ্ছা কৰিলে আমি এওঁলোকৰ ইবাদত নকৰিলোহেঁতেন’। এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই। সিহঁতে কেৱল মনেসজা কথাহে কয়।
أَمْ آتَيْنَاهُمْ كِتَابًا مِنْ قَبْلِهِ فَهُمْ بِهِ مُسْتَمْسِكُونَ21
আমি সিহঁতক কোৰআনৰ আগত কোনো কিতাব প্ৰদান কৰিছো নেকি, যিটো সিহঁতে দৃঢ়ভাৱে ধাৰণ কৰি আছে?
بَلْ قَالُوا إِنَّا وَجَدْنَا آبَاءَنَا عَلَىٰ أُمَّةٍ وَإِنَّا عَلَىٰ آثَارِهِمْ مُهْتَدُونَ22
বৰং সিহঁতে কয়, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰতহে পাইছো আৰু নিশ্চয় আমি তেওঁলোকৰ পদাঙ্ক অনুসৰণ কৰি হিদায়তপ্ৰাপ্ত হম’।
وَكَذَٰلِكَ مَا أَرْسَلْنَا مِنْ قَبْلِكَ فِي قَرْيَةٍ مِنْ نَذِيرٍ إِلَّا قَالَ مُتْرَفُوهَا إِنَّا وَجَدْنَا آبَاءَنَا عَلَىٰ أُمَّةٍ وَإِنَّا عَلَىٰ آثَارِهِمْ مُقْتَدُونَ23
আৰু এইদৰেই তোমাৰ পূৰ্বে যেতিয়াই আমি কোনো জনপদত কোনো এজন সতৰ্ককাৰী প্ৰেৰণ কৰিছো তেতিয়াই সেই ঠাইৰ বিলাসপ্ৰিয় বিলাকে কৈছে, ‘নিশ্চয় আমি আমাৰ পিতৃ-পুৰুষসকলক এটা মতাদৰ্শৰ ওপৰত পাইছো আৰু আমি তেওঁলোকৰেই পদাঙ্ক অনুসৰণ কৰি চলিম’।
۞ قَالَ أَوَلَوْ جِئْتُكُمْ بِأَهْدَىٰ مِمَّا وَجَدْتُمْ عَلَيْهِ آبَاءَكُمْ ۖ قَالُوا إِنَّا بِمَا أُرْسِلْتُمْ بِهِ كَافِرُونَ24
তেতিয়া সেই সতৰ্ককাৰীয়ে কৈছে, ‘তোমালোকে তোমালোকৰ পিতৃ-পুৰুষসকলক যিটো মতাদৰ্শৰ ওপৰত পাইছা, মই যদি তোমালোকৰ বাবে তাতোকৈ উৎকৃষ্ট পথ লৈ আহোঁ তথাপিও (তোমালোকে সিহঁতৰ অনুসৰণ কৰিবানে)’? সিহঁতে কৈছে, ‘নিশ্চয় তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি অস্বীকাৰ কৰো’।
فَانْتَقَمْنَا مِنْهُمْ ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ25
ফলত আমি সিহঁতৰ পৰা প্ৰতিশোধ ল’লো। এতেকে চোৱা, অস্বীকাৰকাৰী বিলাকৰ পৰিণাম কেনেকুৱা হৈছিল!
وَإِذْ قَالَ إِبْرَاهِيمُ لِأَبِيهِ وَقَوْمِهِ إِنَّنِي بَرَاءٌ مِمَّا تَعْبُدُونَ26
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতৃ আৰু তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে যিবোৰৰ ইবাদত কৰা নিশ্চয় মই সেইবোৰৰ পৰা সম্পৰ্কমুক্ত।
إِلَّا الَّذِي فَطَرَنِي فَإِنَّهُ سَيَهْدِينِ27
‘কেৱল তেওঁৰ বাহিৰে যিজনে মোক সৃষ্টি কৰিছে। এতেকে নিশ্চয় তেওঁ অতিশীঘ্ৰে মোক সৎপথত পৰিচালিত কৰিব’।
وَجَعَلَهَا كَلِمَةً بَاقِيَةً فِي عَقِبِهِ لَعَلَّهُمْ يَرْجِعُونَ28
আৰু এই ঘোষণাক তেওঁ চিৰন্তন বাণীৰূপে ৰাখি থৈ গৈছে তেওঁৰ উত্তৰসূৰীসকলৰ মাজত, যাতে সিহঁতে উভতি আহে।
بَلْ مَتَّعْتُ هَٰؤُلَاءِ وَآبَاءَهُمْ حَتَّىٰ جَاءَهُمُ الْحَقُّ وَرَسُولٌ مُبِينٌ29
বৰং আমি সিহঁতক আৰু সিহঁতৰ পিতৃ-পুৰুষসকলক ভোগ কৰিবলৈ সুযোগ দিছিলো, অৱশেষত সিহঁতৰ ওচৰত আহিল সত্য আৰু স্পষ্ট বৰ্ণনাকাৰী ৰাছুল।
وَلَمَّا جَاءَهُمُ الْحَقُّ قَالُوا هَٰذَا سِحْرٌ وَإِنَّا بِهِ كَافِرُونَ30
আৰু যেতিয়া সত্য সিহঁতৰ ওচৰত আহি পালে, তেতিয়া সিহঁতে ক’লে, ‘এয়া দেখুন যাদু আৰু নিশ্চয় আমি ইয়াক প্ৰত্যাখ্যান কৰো’।
وَقَالُوا لَوْلَا نُزِّلَ هَٰذَا الْقُرْآنُ عَلَىٰ رَجُلٍ مِنَ الْقَرْيَتَيْنِ عَظِيمٍ31
সিহঁতে আৰু ক’লে, ‘এই কোৰআন দুয়ো জনপদৰ কোনো এজন মহান ব্যক্তিৰ ওপৰত কিয় অৱতীৰ্ণ কৰা নহ’ল’?
أَهُمْ يَقْسِمُونَ رَحْمَتَ رَبِّكَ ۚ نَحْنُ قَسَمْنَا بَيْنَهُمْ مَعِيشَتَهُمْ فِي الْحَيَاةِ الدُّنْيَا ۚ وَرَفَعْنَا بَعْضَهُمْ فَوْقَ بَعْضٍ دَرَجَاتٍ لِيَتَّخِذَ بَعْضُهُمْ بَعْضًا سُخْرِيًّا ۗ وَرَحْمَتُ رَبِّكَ خَيْرٌ مِمَّا يَجْمَعُونَ32
সিহঁতে তোমাৰ প্ৰতিপালকৰ ৰহমত ভাগ-বন্টন কৰে নেকি? আমিহে পাৰ্থিৱ জীৱনত সিহঁতৰ মাজত সিহঁতৰ জীৱিকা বন্টন কৰি দিওঁ আৰু সিহঁতৰ ইজনক সিজনৰ ওপৰত মৰ্যাদাত উন্নীত কৰি দিওঁ যাতে ইজনে সিজনক অধিনস্থ হিচাপে গ্ৰহণ কৰিব পাৰে; (জানি থোৱা) সিহঁতে যি সঞ্চয় কৰে, তোমাৰ প্ৰতিপালকৰ ৰহমত তাতোকৈ উৎকৃষ্ট।
وَلَوْلَا أَنْ يَكُونَ النَّاسُ أُمَّةً وَاحِدَةً لَجَعَلْنَا لِمَنْ يَكْفُرُ بِالرَّحْمَٰنِ لِبُيُوتِهِمْ سُقُفًا مِنْ فِضَّةٍ وَمَعَارِجَ عَلَيْهَا يَظْهَرُونَ33
যদি সকলো মানুহ একেটা মতালম্বী হোৱাৰ আশংকা নাথাকিলেহেঁতেন, তেন্তে যিসকলে ৰহমানৰ লগত কুফৰী কৰে, সিহঁতক আমি সিহঁতৰ ঘৰৰ বাবে ৰৌপ্য-নিৰ্মিত চাদ আৰু খটখটী দিলোহেঁতেন যাতে সিহঁতে আৰোহণ কৰে,
وَلِبُيُوتِهِمْ أَبْوَابًا وَسُرُرًا عَلَيْهَا يَتَّكِئُونَ34
আৰু সিহঁতৰ ঘৰসমূহৰ বাবে দুৱাৰ আৰু আসনসমূহ, য’ত সিহঁতে আউজি বহে,
وَزُخْرُفًا ۚ وَإِنْ كُلُّ ذَٰلِكَ لَمَّا مَتَاعُ الْحَيَاةِ الدُّنْيَا ۚ وَالْآخِرَةُ عِنْدَ رَبِّكَ لِلْمُتَّقِينَ35
আৰু (অনুৰূপ দিলোহেঁতেন) সোণৰ নিৰ্মিতও; আৰু এই সকলোবোৰ কেৱল পাৰ্থিৱ জীৱনৰ ভোগ-সামগ্ৰীহে। আৰু তোমাৰ প্ৰতিপালকৰ ওচৰত আখিৰাত কেৱল মুত্তাক্বীসকলৰ বাবেহে।
وَمَنْ يَعْشُ عَنْ ذِكْرِ الرَّحْمَٰنِ نُقَيِّضْ لَهُ شَيْطَانًا فَهُوَ لَهُ قَرِينٌ36
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰো এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।
وَإِنَّهُمْ لَيَصُدُّونَهُمْ عَنِ السَّبِيلِ وَيَحْسَبُونَ أَنَّهُمْ مُهْتَدُونَ37
নিশ্চয় সিহঁতেই (চয়তানবিলাকেই) মানুহক সৎপথৰ পৰা বাধা দিয়ে, অথচ মানুহ বিলাকে (ভ্ৰষ্ট পথত থকাৰ পিছতো) নিজকে হিদায়তপ্ৰাপ্ত বুলি ভাৱে।
حَتَّىٰ إِذَا جَاءَنَا قَالَ يَا لَيْتَ بَيْنِي وَبَيْنَكَ بُعْدَ الْمَشْرِقَيْنِ فَبِئْسَ الْقَرِينُ38
অৱশেষত যেতিয়া সি আমাৰ ওচৰত আহিব, তেতিয়া সি চয়তানক ক’ব, ‘হায়! মোৰ আৰু তোমাৰ মাজত যদি পূৱ আৰু পশ্চিমৰ দৰে ব্যৱধান থাকিলেহেঁতেন!’ এতেকে এই সহচৰ কিমান যে নিকৃষ্ট!
وَلَنْ يَنْفَعَكُمُ الْيَوْمَ إِذْ ظَلَمْتُمْ أَنَّكُمْ فِي الْعَذَابِ مُشْتَرِكُونَ39
আৰু আজি তোমালোকৰ এই অনুতাপ তোমালোকৰ কোনো কামত নাহিব, যিহেতু তোমালোকে অন্যায় কৰিছিলা; নিশ্চয় তোমালোক আটায়ে শাস্তিত অংশীদাৰ।
أَفَأَنْتَ تُسْمِعُ الصُّمَّ أَوْ تَهْدِي الْعُمْيَ وَمَنْ كَانَ فِي ضَلَالٍ مُبِينٍ40
তুমি বধিৰক শুনাব পাৰিবানে অথবা অন্ধক পথ দেখুৱাব পাৰিবানে আৰু যিজন স্পষ্ট বিভ্ৰান্তিত আছে তাক হিদায়ত দিব পাৰিবানে?
فَإِمَّا نَذْهَبَنَّ بِكَ فَإِنَّا مِنْهُمْ مُنْتَقِمُونَ41
এতেকে যদি আমি তোমাক লৈ যাওঁ, তেন্তে নিশ্চয় আমি সিহঁতৰ পৰা প্ৰতিশোধ লম;
أَوْ نُرِيَنَّكَ الَّذِي وَعَدْنَاهُمْ فَإِنَّا عَلَيْهِمْ مُقْتَدِرُونَ42
অথবা আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছো, সেয়া আমি তোমাক দেখুৱাম, নিশ্চয় আমি সিহঁতৰ ওপৰত পূৰ্ণ ক্ষমতাবান।
فَاسْتَمْسِكْ بِالَّذِي أُوحِيَ إِلَيْكَ ۖ إِنَّكَ عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ43
এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে সেয়া দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
وَإِنَّهُ لَذِكْرٌ لَكَ وَلِقَوْمِكَ ۖ وَسَوْفَ تُسْأَلُونَ44
নিশ্চয় এই কোৰআন তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
وَاسْأَلْ مَنْ أَرْسَلْنَا مِنْ قَبْلِكَ مِنْ رُسُلِنَا أَجَعَلْنَا مِنْ دُونِ الرَّحْمَٰنِ آلِهَةً يُعْبَدُونَ45
সেয়ে তোমাৰ পূৰ্বে আমি আমাৰ ৰাছুলসকলৰ পৰা যিসকলক প্ৰেৰণ কৰিছিলো তেওঁলোকক সুধি চোৱা, আমি ৰহমানৰ বাহিৰে ইবাদত কৰিব পৰা এনে কোনো ইলাহ নিৰ্ধাৰণ কৰিছিলো নেকি?
وَلَقَدْ أَرْسَلْنَا مُوسَىٰ بِآيَاتِنَا إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَقَالَ إِنِّي رَسُولُ رَبِّ الْعَالَمِينَ46
অৱশ্যে আমি মুছাক আমাৰ নিদৰ্শনাৱলীসহ ফিৰআউন আৰু তাৰ নেতৃবৰ্গৰ ওচৰত প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকৰ এজন ৰাছুল’।
فَلَمَّا جَاءَهُمْ بِآيَاتِنَا إِذَا هُمْ مِنْهَا يَضْحَكُونَ47
এতেকে যেতিয়া তেওঁ সিহঁতৰ ওচৰত আমাৰ নিদৰ্শনাৱলীসহ উপস্থিত হ’ল তেতিয়া সিহঁতে সেয়া লৈ উপহাস কৰিবলৈ ধৰিলে।
وَمَا نُرِيهِمْ مِنْ آيَةٍ إِلَّا هِيَ أَكْبَرُ مِنْ أُخْتِهَا ۖ وَأَخَذْنَاهُمْ بِالْعَذَابِ لَعَلَّهُمْ يَرْجِعُونَ48
আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছো সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ শ্ৰেষ্ঠ। আমি সিহঁতক শাস্তিৰ মাধ্যমত কৰায়ত্ত কৰিছিলো, যাতে সিহঁতে উভতি আহে।
وَقَالُوا يَا أَيُّهَ السَّاحِرُ ادْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِنْدَكَ إِنَّنَا لَمُهْتَدُونَ49
সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে তুমি সেয়া প্ৰাৰ্থনা কৰা যিটো তেওঁ তোমাৰ লগত অঙ্গীকাৰ কৰিছে, নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।
فَلَمَّا كَشَفْنَا عَنْهُمُ الْعَذَابَ إِذَا هُمْ يَنْكُثُونَ50
তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা শাস্তি আঁতৰাই নিলো, তেতিয়াই সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰিলে।
وَنَادَىٰ فِرْعَوْنُ فِي قَوْمِهِ قَالَ يَا قَوْمِ أَلَيْسَ لِي مُلْكُ مِصْرَ وَهَٰذِهِ الْأَنْهَارُ تَجْرِي مِنْ تَحْتِي ۖ أَفَلَا تُبْصِرُونَ51
আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয় নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে দেখা পোৱা নাইনে?
أَمْ أَنَا خَيْرٌ مِنْ هَٰذَا الَّذِي هُوَ مَهِينٌ وَلَا يَكَادُ يُبِينُ52
‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয় নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈয়ো প্ৰায় অক্ষম!
فَلَوْلَا أُلْقِيَ عَلَيْهِ أَسْوِرَةٌ مِنْ ذَهَبٍ أَوْ جَاءَ مَعَهُ الْمَلَائِكَةُ مُقْتَرِنِينَ53
‘তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহল কিয়, অথবা তেওঁৰ লগত ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’?
فَاسْتَخَفَّ قَوْمَهُ فَأَطَاعُوهُ ۚ إِنَّهُمْ كَانُوا قَوْمًا فَاسِقِينَ54
এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথা মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।
فَلَمَّا آسَفُونَا انْتَقَمْنَا مِنْهُمْ فَأَغْرَقْنَاهُمْ أَجْمَعِينَ55
তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলো আৰু সিহঁত আটাইকে ডুবাই মাৰিলো।
فَجَعَلْنَاهُمْ سَلَفًا وَمَثَلًا لِلْآخِرِينَ56
ফলত আমি সিহঁতক পৰবৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলো।
۞ وَلَمَّا ضُرِبَ ابْنُ مَرْيَمَ مَثَلًا إِذَا قَوْمُكَ مِنْهُ يَصِدُّونَ57
আৰু যেতিয়াই মাৰইয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকে চিয়ঁৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।
وَقَالُوا أَآلِهَتُنَا خَيْرٌ أَمْ هُوَ ۚ مَا ضَرَبُوهُ لَكَ إِلَّا جَدَلًا ۚ بَلْ هُمْ قَوْمٌ خَصِمُونَ58
আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত এটা কাজিয়া-প্ৰিয় সম্প্ৰদায়।
إِنْ هُوَ إِلَّا عَبْدٌ أَنْعَمْنَا عَلَيْهِ وَجَعَلْنَاهُ مَثَلًا لِبَنِي إِسْرَائِيلَ59
তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলো আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে দৃষ্টান্ত বনাইছিলো।
وَلَوْ نَشَاءُ لَجَعَلْنَا مِنْكُمْ مَلَائِكَةً فِي الْأَرْضِ يَخْلُفُونَ60
আৰু যদি আমি ইচ্ছা কৰিলোহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোহেঁতেন, যিসকলে পৃথিৱীত উত্তৰাধিকাৰী হ’লেহেঁতেন।
وَإِنَّهُ لَعِلْمٌ لِلسَّاعَةِ فَلَا تَمْتَرُنَّ بِهَا وَاتَّبِعُونِ ۚ هَٰذَا صِرَاطٌ مُسْتَقِيمٌ61
আৰু নিশ্চয় ঈছা কিয়ামতৰ নিশ্চিত নিদৰ্শন; সেয়ে তোমালোকে কিয়ামত সম্পৰ্কে সন্দেহ পোষণ নকৰিবা। তোমালোকে কেৱল মোৰেই অনুসৰণ কৰা। এইটোৱেই সৰল পথ।
وَلَا يَصُدَّنَّكُمُ الشَّيْطَانُ ۖ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ62
চয়তানে যেন তোমালোকক কেতিয়াও বাধা প্ৰদান কৰিব নোৱাৰে। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
وَلَمَّا جَاءَ عِيسَىٰ بِالْبَيِّنَاتِ قَالَ قَدْ جِئْتُكُمْ بِالْحِكْمَةِ وَلِأُبَيِّنَ لَكُمْ بَعْضَ الَّذِي تَخْتَلِفُونَ فِيهِ ۖ فَاتَّقُوا اللَّهَ وَأَطِيعُونِ63
আৰু যেতিয়া ঈছাই স্পষ্ট প্ৰমাণাদি লৈ আহিলে, তেতিয়া তেওঁ ক’লে, ‘অৱশ্যে মই তোমালোকৰ ওচৰত হিকমতসহ আহিছো আৰু তোমালোকে যিবোৰ বিষয়ত মতভেদ কৰিছা সেইবোৰ স্পষ্ট কৰিবলৈ আহিছো। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা।
إِنَّ اللَّهَ هُوَ رَبِّي وَرَبُّكُمْ فَاعْبُدُوهُ ۚ هَٰذَا صِرَاطٌ مُسْتَقِيمٌ64
‘নিশ্চয় আল্লাহ, তেৱেঁই মোৰ ৰব আৰু তোমালোকৰো ৰব। এতেকে তোমালোকে তেওঁৰেই ইবাদত কৰা; এইটোৱেই সৰল পথ’।
فَاخْتَلَفَ الْأَحْزَابُ مِنْ بَيْنِهِمْ ۖ فَوَيْلٌ لِلَّذِينَ ظَلَمُوا مِنْ عَذَابِ يَوْمٍ أَلِيمٍ65
তথাপিও সিহঁতৰ মাজৰ কিছুমান দলে মতানৈক্য সৃষ্টি কৰিলে, সেয়ে যালিমসকলৰ বাবে যন্ত্ৰণাদায়ক দিনৰ শাস্তিৰ দুৰ্ভোগ!
هَلْ يَنْظُرُونَ إِلَّا السَّاعَةَ أَنْ تَأْتِيَهُمْ بَغْتَةً وَهُمْ لَا يَشْعُرُونَ66
সিহঁতে কেৱল সিহঁতৰ অজানিতে আকস্মিকভাৱে কিয়ামত অহাৰ অপেক্ষাত আছে।
الْأَخِلَّاءُ يَوْمَئِذٍ بَعْضُهُمْ لِبَعْضٍ عَدُوٌّ إِلَّا الْمُتَّقِينَ67
সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে।
يَا عِبَادِ لَا خَوْفٌ عَلَيْكُمُ الْيَوْمَ وَلَا أَنْتُمْ تَحْزَنُونَ68
হে মোৰ বান্দাসকল! আজি তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা।
الَّذِينَ آمَنُوا بِآيَاتِنَا وَكَانُوا مُسْلِمِينَ69
যিসকলে আমাৰ আয়াতৰ প্ৰতি ঈমান আনিছিল আৰু তেওঁলোক আছিল মুছলিম,
ادْخُلُوا الْجَنَّةَ أَنْتُمْ وَأَزْوَاجُكُمْ تُحْبَرُونَ70
তোমালোক আৰু তোমালোকৰ স্ত্ৰীসকল আনন্দচিত্তে জান্নাতত প্ৰৱেশ কৰা।
يُطَافُ عَلَيْهِمْ بِصِحَافٍ مِنْ ذَهَبٍ وَأَكْوَابٍ ۖ وَفِيهَا مَا تَشْتَهِيهِ الْأَنْفُسُ وَتَلَذُّ الْأَعْيُنُ ۖ وَأَنْتُمْ فِيهَا خَالِدُونَ71
সোণৰ থাল আৰু পানপাত্ৰ লৈ তেওঁলোকক প্ৰদক্ষিণ কৰা হ’ব, তাত মনে যি বিচাৰে আৰু যিটোৰে চকু তৃপ্ত হয় সেই সকলো থাকিব, আৰু তাত তোমালোকে স্থায়ী হ’বা।
وَتِلْكَ الْجَنَّةُ الَّتِي أُورِثْتُمُوهَا بِمَا كُنْتُمْ تَعْمَلُونَ72
এইটোৱেই জান্নাত, তোমালোকক যিটোৰ অধিকাৰী কৰা হৈছে, তোমালোকৰ আমলৰ ফলস্বৰূপে।
لَكُمْ فِيهَا فَاكِهَةٌ كَثِيرَةٌ مِنْهَا تَأْكُلُونَ73
তাত তোমালোকৰ বাবে আছে প্ৰচুৰ ফলমূল, তাৰ পৰা তোমালোকে খাবা।
إِنَّ الْمُجْرِمِينَ فِي عَذَابِ جَهَنَّمَ خَالِدُونَ74
নিশ্চয় অপৰাধীবিলাক জাহান্নামৰ শাস্তিত স্থায়ী হ’ব;
لَا يُفَتَّرُ عَنْهُمْ وَهُمْ فِيهِ مُبْلِسُونَ75
সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।
وَمَا ظَلَمْنَاهُمْ وَلَٰكِنْ كَانُوا هُمُ الظَّالِمِينَ76
আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলো, কিন্তু সিহঁত নিজেই আছিল যালিম।
وَنَادَوْا يَا مَالِكُ لِيَقْضِ عَلَيْنَا رَبُّكَ ۖ قَالَ إِنَّكُمْ مَاكِثُونَ77
সিহঁতে চিয়ঁৰি চিয়ঁৰি ক’ব, ‘হে মালিক! তোমাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে থাকিব লাগিব’।
لَقَدْ جِئْنَاكُمْ بِالْحَقِّ وَلَٰكِنَّ أَكْثَرَكُمْ لِلْحَقِّ كَارِهُونَ78
আল্লাহে ক’ব, ‘অৱশ্যে আমি তোমালোকৰ ওচৰত সত্য লৈ আহিছিলো, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।
أَمْ أَبْرَمُوا أَمْرًا فَإِنَّا مُبْرِمُونَ79
সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।
أَمْ يَحْسَبُونَ أَنَّا لَا نَسْمَعُ سِرَّهُمْ وَنَجْوَاهُمْ ۚ بَلَىٰ وَرُسُلُنَا لَدَيْهِمْ يَكْتُبُونَ80
অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু মন্ত্ৰণা শুনিবলৈ নাপাওঁ? অৱশ্যে শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকল সিহঁতৰ ওচৰতে থাকি লিখে।
قُلْ إِنْ كَانَ لِلرَّحْمَٰنِ وَلَدٌ فَأَنَا أَوَّلُ الْعَابِدِينَ81
কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলেহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতত ঘৃণাকাৰীসকলৰ অগ্ৰণী হ’লোহেঁতেন;
سُبْحَانَ رَبِّ السَّمَاوَاتِ وَالْأَرْضِ رَبِّ الْعَرْشِ عَمَّا يَصِفُونَ82
সিহঁতে যি আৰোপ কৰে তাৰ পৰা আকাশসমূহ, পৃথিৱীৰ প্ৰতিপালক আৰু অৰছৰ ৰব অতি পৱিত্ৰ-মহান।
فَذَرْهُمْ يَخُوضُوا وَيَلْعَبُوا حَتَّىٰ يُلَاقُوا يَوْمَهُمُ الَّذِي يُوعَدُونَ83
এতেকে তুমি সিহঁতক এৰি দিয়া, সিহঁতে মগ্ন থাকক বেহুদা কথাত আৰু খেল-ধেমালিত মত্ত থাকক, সেইদিনৰ সন্মুখীন নোহোৱা লৈকে যিটো দিনৰ প্ৰতিশ্ৰুতি সিহঁতক দিয়া হৈছে।
وَهُوَ الَّذِي فِي السَّمَاءِ إِلَٰهٌ وَفِي الْأَرْضِ إِلَٰهٌ ۚ وَهُوَ الْحَكِيمُ الْعَلِيمُ84
তেৱেঁই সত্য ইলাহ আকাশত আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
وَتَبَارَكَ الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ وَمَا بَيْنَهُمَا وَعِنْدَهُ عِلْمُ السَّاعَةِ وَإِلَيْهِ تُرْجَعُونَ85
আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰ মধ্যৱৰ্তী সকলো বস্তু। আৰু কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।
وَلَا يَمْلِكُ الَّذِينَ يَدْعُونَ مِنْ دُونِهِ الشَّفَاعَةَ إِلَّا مَنْ شَهِدَ بِالْحَقِّ وَهُمْ يَعْلَمُونَ86
আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও ছুপাৰিছৰ অধিকাৰী নহ’ব, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।
وَلَئِنْ سَأَلْتَهُمْ مَنْ خَلَقَهُمْ لَيَقُولُنَّ اللَّهُ ۖ فَأَنَّىٰ يُؤْفَكُونَ87
আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’? সিহঁতে অৱশ্যে ক’ব ‘আল্লাহ’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?
وَقِيلِهِ يَا رَبِّ إِنَّ هَٰؤُلَاءِ قَوْمٌ لَا يُؤْمِنُونَ88
আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ ৰব! নিশ্চয় ইহঁত এনেকুৱা সম্প্ৰদায় যিহঁতে ঈমান পোষণ নকৰিব’।
فَاصْفَحْ عَنْهُمْ وَقُلْ سَلَامٌ ۚ فَسَوْفَ يَعْلَمُونَ89
এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।