Al-Bayyinah

سورة البينة

ছূৰা 98 · মাদানী · 8 আয়াত

98:1জুজ 30 · পৃ. 598

لَمْ يَكُنِ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ وَالْمُشْرِكِينَ مُنْفَكِّينَ حَتَّىٰ تَأْتِيَهُمُ الْبَيِّنَةُ1

আহলে কিতাবসকলৰ মাজত যিসকলে কুফৰী কৰিছে আৰু মুশ্বৰিকসকল, সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ নহালৈকে সিহঁতে বিৰত থাকিবলৈ প্ৰস্তুত নাছিল।
98:2জুজ 30 · পৃ. 598

رَسُولٌ مِنَ اللَّهِ يَتْلُو صُحُفًا مُطَهَّرَةً2

আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱাত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,
98:3জুজ 30 · পৃ. 598

فِيهَا كُتُبٌ قَيِّمَةٌ3

য’ত আছে সঠিক বিধিবদ্ধ বিধান।
98:4জুজ 30 · পৃ. 598

وَمَا تَفَرَّقَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَةُ4

আৰু যিসকলক কিতাব দিয়া হৈছিল সিহঁতে বিভক্ত হ’ল সিহঁতৰ ওচৰত সুস্পষ্ট প্ৰমাণ অহাৰ পিছত।
98:5জুজ 30 · পৃ. 598

وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ حُنَفَاءَ وَيُقِيمُوا الصَّلَاةَ وَيُؤْتُوا الزَّكَاةَ ۚ وَذَٰلِكَ دِينُ الْقَيِّمَةِ5

আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন।
98:6জুজ 30 · পৃ. 599

إِنَّ الَّذِينَ كَفَرُوا مِنْ أَهْلِ الْكِتَابِ وَالْمُشْرِكِينَ فِي نَارِ جَهَنَّمَ خَالِدِينَ فِيهَا ۚ أُولَٰئِكَ هُمْ شَرُّ الْبَرِيَّةِ6

নিশ্চয় আহলে কিতাবসকলৰ মাজৰ যিসকলে কুফৰী কৰিছে সিহঁত আৰু মুশ্বৰিকসকল জাহান্নামৰ জুইত স্থায়ীভাৱে অৱস্থান কৰিব; এওঁলোকেই হৈছে নিকৃষ্ট সৃষ্টি।
98:7জুজ 30 · পৃ. 599

إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ أُولَٰئِكَ هُمْ خَيْرُ الْبَرِيَّةِ7

নিশ্চয় যিসকলে ঈমান আনিছে আৰু নেক কাম কৰিছে, তেওঁলোকেই হৈছে সৃষ্টিৰ শ্ৰেষ্ঠ।
98:8জুজ 30 · পৃ. 599

جَزَاؤُهُمْ عِنْدَ رَبِّهِمْ جَنَّاتُ عَدْنٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ ۚ ذَٰلِكَ لِمَنْ خَشِيَ رَبَّهُ8

তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত তেওঁলোকৰ পুৰষ্কাৰ আছে স্থায়ী জান্নাত, যাৰ তলত নদীসমূহ প্ৰবাহিত, তাত তেওঁলোকে চিৰকাল থাকিব। আল্লাহ তেওঁলোকৰ প্ৰতি সন্তুষ্ট আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এইটো তাৰ বাবে, যিয়ে নিজ প্ৰতিপালকক ভয় কৰে।

ছূৰাৰ আৰম্ভণিৰ পৰা চলাওক

Abdullah Al-Mattrod - Al-Bayyinah · Tlawati